লুইতৰে পানী যাবি অ’ বৈ

লুইতৰে পানী যাবি অ’ বৈ

লুইতৰে পানী যাবি অ’ বৈ

লুইতৰে পানী যাবি অ’ বৈ

সন্ধিয়া লুইতৰ পানী সোণোৱালী

চহৰে নগৰে যাবি অ’ বৈ

জয়াৰে কিৰীটি দেশে বিদেশে

চহৰে নগৰে ফুৰিবি কৈ

লুইতৰে পানী যাবি অ’ বৈ

লুইতৰে পানী যাবি অ’ বৈ ।

 

মাটিৰে দেহাটি এৰি জয়েমতী

জ্যোতিৰে দেহাটি লৈ

যাউতি-যুগীয়া কিৰীটি ৰাখিলে

চানেকি জগতলৈ

লুইতৰে পানী যাবি অ’ বৈ

লুইতৰে পানী যাবি অ’ বৈ ।

 

এটোপি দুটোপি তেজেদি নিটোপি

দেশৰ হকে জয়াই গলে বিলাই

অসমৰ জীয়াৰী অসমৰ বোৱাৰী

এটোপি চকুলো যোৱা পেলাই

লুইতৰে পানী যাবি অ’ বৈ

লুইতৰে পানী যাবি অ’ বৈ

লুইতৰে পানী যাবি অ’ বৈ

লুইতৰে পানী যাবি অ’ বৈ ।